পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬ ]

এহিবুলি মৌন ভৈলা ৰাজা জন্মেজয়।
শুনি মুনি মহা প্ৰেমে প্ৰশংসা কৰয়॥
ধন্য পাণ্ডুবংশে ৰাজা ভৈলা উতপতি।
ধন্য ধন্য পৰীক্ষিত ৰাজাৰ সন্ততি॥৪
মহাৠষি ব্যাসে মোক পঢ়ায়া আচয়।
সমস্তে কহিবো ৰাজা তোমাত নিশ্চয়॥
সমস্ত লোকৰ শুনি মুকুতি মিলোক।
লোকক কৃপায়ে প্ৰভু শিখাইলন্ত মোক॥৫
কৃষ্ণক স্মৰিয়া প্ৰেমে গদ্‌ গদ্‌ কৰি।
ব্যাসৰ চৰণ দুই হৃদয়ত ধৰি॥
কহিবে লাগিলা কথা আতি বিভোপন।
পাণ্ডবৰ কথা আতি চৰিত্ৰ শোভন॥৬
মহাৰুচি কৰ কৃষ্ণ চৰিত্ৰ সহিত।
তাত মহাজনৰ আচয় কথা মৃত॥
শুনা পাচ কথা নৃপবৰ মহাশয়।
পাচৰ কাহিনি আবে কহিবো নিশ্চয়॥৭
এহিমতে যুধিষ্ঠিৰ ৰাজা মহা মতি।
যাতায়াত কৰি থাকে সহৰিস অতি॥
চাৰি ভাইসহ আৰ দ্ৰোপদ জীৱাৰী।
দাস দাসী সঙ্গে সবে আছে ৰঙ্গ কৰি॥৮