এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫৮]
আমাক ফুজয় কিবা দেবকো যুজয় ।
কহিবে নপাবি তাক একোৱে নিশ্চয়॥
এহি কথা শুনি কুপিলেক দুৰাচাৰ ।
কিবা কহ ইতো সবে নুবুজাহো আৰ॥ ২৫২
সেহিবেলা দ্রুপদ নন্দিনী মহাসতী।
ৰখিয়া সেনাক শৰ হানিলা তহিতি॥
কাটন ফুটন শৰ বীৰ অৰ্জ্জুনৰ।
ছেদি ভেদি নেই ম্লেচ্ছ সেনা নিৰন্তৰ॥ ২৫৩
ৰাজাৰ আগত বেগে কহিলন্ত যাই।
শুনা ৰাজা বীৰ এক আইলা এহি ঠাই।
বাহিৰত যত সৈন্য আছিল তোমাৰ।
যমক দিলন্ত তাৰ নাহি অধিকাৰ ॥২৫৪
হেনশুনি দাৰুণ অসুৰে কোপ কৰি।
জায়েকক পাঞ্চিলেক বৰ ৰাগ কৰি॥
সৈণ্যগণ লৈয়া তাক বিচাৰি আনহ।
যদি লাগ পাই তাক সত্তৰে মাৰহ ॥২৫৫
হেন শুনি শােষৰে পৰিধা শূল ধৰি।
অসংখ্য প্রথমৰ সৈন্য লগ কৰি॥
গিৰ গিৰ কৰি শবে বজাইলেক যাই।
হেন অদ্ভুত সেনা ক’তাে দেখা নাই ॥২৫৬