সমললৈ যাওক

পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৫৫]

আতহন্তে আকাশত বচন শুনয়৷
দ্ৰূপদ নন্দিনী হেৰা দেব বাক্য হয়॥
ইতো কবচক পিন্ধি বীৰবেশ ধৰি।
দেৱৰ কাৰ্য্যক সাধিয়োক যত্ন কৰি॥২৩৭
জীবেক তোমাৰ স্বামী নকৰা সংশয়।
দেবতা সকলে গৈয়া ৰাখিয়া আছয়॥
অৰ্জ্জুনৰ ধনু গাণ্ডীবক হাতে ধৰি।
স্বামী বৈৰী ম্লেচ্ছক বধিয়ো শীঘ্ৰ কৰি॥২৩৮
বৈশম্পায়ন বদতি শুনিয়ে নৰেশ্বৰ।
পিঙ্গামহী দ্ৰৌপদীৰ মহিমা ভাঙ্গৰ॥
দেবৰ বচন শুনি মনে শুনিলন্ত।
মৰু ঋষি বচনক সাদৰি লৈলন্ত।২৩৯
স্নান কৰি কৃষ্ণ স্মৰি সঞ্জমন ভৈলা।
যাঠিমোণ শৰতাৰ কবচ পিন্ধিলা॥
কলা টুপি মাথাত কৰিলা পৰিধান।
ধৰিবে গৈলন্ত অৰ্জনৰ ধনুধান॥ ২৪০
যধাতে আছন্ত পৰি বীৰ ধনঞ্জয়।
গাণ্ডীব ধনুষে তথা পৰিয়া আছয়॥
অৰ্জ্জুনক প্ৰণামিলা জানুশিৰ ছুই।
পিঠিত তুলিয়া বান্ধিলন্ত টোন দুই॥ ২৪১