পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫২]

দেবৰ ভুষণ ৰত্ন অলঙ্কাৰ।
তোহোক পিন্ধাইবো একো নালাগে বিচাৰ॥
চতুৰ্দ্দোলে উঠি যাইবা ৰত্ন অলঙ্কাৰ।
চলা বান্ধৈ মহাৰঙ্গে গৃহক আমাৰ॥ ২২২
পুনঃ যাজ্ঞসেনী হেন দিলেক উত্তৰ।
এতেক বচন আৰ নোবোলা বৰ্ব্বৰ॥
স্বামীৰ লগত এই সহগামী হওঁ।
জঞ্জাল নাপাত পাপী চিতাক সজাওঁ॥ ২২৩
পাণ্ডবৰ ভাৰ্য্য়াক বাঞ্চস নীচজনে।
মৰিৱা নাজাস ইতো লাজৰ কাৰণে॥
হেন শুনি মহাখঙ্গে কাঁপে কুঞ্জকাল।
ধৰিবাক মনে খেদি যাই তত্তকাল॥ ২২৪
তাহাৰ গন্ধত আতি নাক ফুটি যাই।
দেখি যাজ্ঞসেনী মনে গুণে সেহি ঠাই॥
মোক বলে ধৰি ইতো কৰিবে বিতাল।
দিবো লৰ ধৰিবাক নাপাৰে সফল॥ ২২৫
এহিবুলি মহাবেগে দিলেক লৰৰ।
দেখিয়া দানবে খেদি যাই খৰত্তৰ॥
বৈসম্পায়ন বদতি শুনিয়ো জন্মিজয়।
দ্ৰৌপদীৰ দেখা কেনে ভৈলা দুখচয়॥ ২২৬