এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫১ ]
তোক ৰাখিলোহো আৰে ৰাজাকেসে চাই।
তোক লৈয়া পাইবো মই আমাৰ যে ঠাই॥
শুনিয়ো মানুষী তই বিষাদ নকয়।
আমাৰ ৰাজ্যত হৈব সুখ বহুতৰ॥ ২১৭
মৰিলেক তোৰ বনবাসী বনাহৰী।
তাহাক লাগিয়া খেদ এৰা বৰনাৰী॥
দ্ৰৌপদী বোলন্ত আবে শুনা অন্ত্যজাতি।
কেনে মোক বিগুতিয়া মাতাৱস অতি॥২১৮
নীচ হুয়া কৰা হেন মহত্ব অপাৰ।
মেহোৰ স্বামীক খায়া আহা দুৰাচাৰ॥
কোনে আবে প্ৰতিকাৰ কৰিবেক তোক।
স্বামীৰ লগত হেৰা খাই মাৰা মোক॥ ২১৯
মোক নখাৱস যদি দূৰ হুয়া ষাস।
সমুলঞ্চে তোহোৰ ভঙ্গিৰো সৰে ভাষ॥
হেন শুনি কালকুঞ্জে মাতে সেহি ঠাই।
মোৰ সম মহাৰাজা ত্ৰিভুবনে নাই॥ ২২০
দেবলোকে খাতয় আনক কেনে লেখা।
মোহোৰ নগৰ পশি আপুনিও দেখা॥
দুইশ হাজাৰ নাৰী মোহোৰ আছয়।
সবাহাৰে মুখ্য় তোক কৰিবো নিশ্চয়॥ ২২১