পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫০ ]

যেন শুস্ককাষ্ঠ পৰি ৰৈলা ধৰনীত।
হেন কালকুঞ্জ কথা পোচে দ্ৰৌপদীত॥
শুনিয়ো সুন্দৰী তই কহ যান্ত কৰি।
কোন পাঞ্চজন ইটো পৰি আছে মৰি॥ ২১২
তই আসাম্বাৰ সম্বন্ধত হোৱা কোন।
যোৰ বনে তোমাসব ফুৰা কিকাৰণ॥
ইসব মৰিল তই যাবি কোন ঠাই।
কহৰে সুন্দৰী আবে আমাত বুজাই॥ ২১৩
হেন শুনি দ্ৰৌপদী মনত গুণি পাইলা।
আমাৰ স্বামীক এহি দুই গোটে খাইলা॥
আৰ পাপীসব মোক নাখাস কিসক।
কহিবে লাগিলা কৃষ্ণা সম্বুধি ম্লেচ্ছক॥ ২১৪
শুনিয়াছা পাণ্ডুপুত্ৰ সবে ধৰ্ম্মৰাই।
পাশাখেলি বনক আসিলা পাঞ্চ ভাই॥
দ্ৰুপদ ৰজাৰ আমি দুহিতা স্নেহৰ।
পাঞ্চ পাণ্ডবৰ নাৰী আমি আনন্দৰ॥ ২১৫
মায়াকৰি স্বামীসব অসুৰে খাইলেক।
কোনকামে পাপী জানো নাখায় আমাক॥
হেনশুনি মাতিলেক শোষক দুৰ্জ্জন।
আমিয়ে খাইলো গালি পাৰা কিকাৰণ॥ ২১৬