পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীকৃষ্ণায় নমঃ

বেদে ৰাসায়ণে চৈব পুৰাণে ভাৰতে তথা
আদি মধ্য বসানেষু হৰিঃ সৰ্ব্বত্ৰ গীয়তে
নাৰায়ণং নমস্কৃত্যং নৰঞ্চৈব নৰোওমং
দেবীসৰস্বতী ব্যাসং ততোজয় মুদিৰয়েৎ

পদ

বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
আৰ কিছো কহিবোহো কথা পাণ্ডৱৰ॥
মহাঋষি ব্যাসৰ নিশৃক গুপ্য কথা।
পাপ দূৰ হয় আক শুনিলে সৰ্ব্বদা॥ ১
মহন্তৰ চৰিত্ৰ পৰম সুখকৰ।
সংসাৰৰ দুখ তাপ হৰে নিৰন্তৰ॥
সতেক শুনোহো মানে, তৃপিতি বাঢ়য়
সাবশেষে কহিয়োক আমাত বুজায়।
মোৰ দেহা পাপ ব্যাধি জৰি কৃত ভৈলা।
ইহাক শ্ৰবণে মোৰ দুখ দূৰ গৈলা॥
তিনি তাপ গুছে নষ্ট হয় ভৰ ৰোগ।
এতেকে ইহাক আবে শুনিবাক যোগ॥ ৩