পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪৯]

 

পদ।

যেবে পাঞ্চ ভাইক শুষি স্নেচ্ছে বিনাশিলা।
একালসৰ হই মাত্ৰ দ্ৰৌপদী ৰহিলা॥
যেন বজ্ৰপাতে মাত হৰিলা মুখৰ।
থিয় হৈয়া ৰহিলেক তথা একালসৰ ॥২০৮
পৰিলেক পাঞ্চভাই ধৰণী মধ্যত।
দেখি সমস্তৰ লাগি গৈলা ভয়ভীত॥
প্ৰভাহীন ভৈলাসূৰ্য্য় নবহে পবন।
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত সিদ্ধমুনি গণ॥ ২০৯
সেহিবেলা পাচে অসুৰৰ দুই ভাই।
দ্ৰৌপদীৰ সমীপত ৰহিলন্ত যাই॥
বিকৃত কুৰূপ মুখে বচন বোলয়।
দেখি ৰাজ্ঞসেনী চকু মুদিয়া ৰহয়॥ ২১০
বিভঞ্জ কুভঞ্জ আতি গন্ধ বিপৰীত।
নাক ফুটি যায় থিৰ নাথাকয় চিত্ত॥
সুচিৰ আকাৰ মুখ দেখি ভয়ঙ্কৰ।
শোষা মাৰি তেজ খাইলা পাঞ্চ পাণ্ডবৰ॥২১১