পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪৮ ]

সিটো দুৰাচাৰে ভীমক ভুঞ্জিয়া
 নৃপতিক মন দিলা।
আকেসে শোণিত  আচোত কৰিয়া
 ৰাজাৰ শৰীৰ পিলা॥ ২০৩
দুয়ো ভাইক খাই  মহাতুষ্ট হই
 দ্ৰৌপদীক মন কৰি।
শোষকেয়ো পাচে  মাদ্ৰীসুত দুইকো
 হুম্পিলা ৰুধিৰ ধৰি॥ ২০৪
হেন দেখি এভো  ধনঞ্জয় বীৰে
 গাণ্ডীবত গুণ দিলা।
শৰক জুৰিবে  খোজন্তে তাহাৰ
 জীবন গোট শুষিলা ॥ ২০৫
দেখা জম্মিজয় দৈবৰ গতিত
 মহন্তৰ দুখ দেখা।
ইটো সংসাৰত মনুষ্যৰ ঘোৰ
 বিষয়ৰ কেনে লেখা॥ ২০৬
পৰম বৈষ্ণব যুধিষ্ঠীৰ ৰাই
 মুখত নেৰন্ত নাম।
তাহান দুখক  দেখা ঠাই ঠাই
 ঈশ্বৰৰ হেন কাম॥ ২০৭