পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৪ ]

বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
সেহিবেলা মেচ্ছে ঘ্ৰাণ পাই মনুষ্যৰ॥
ঈশ্বৰৰ ইচ্ছা কৰ্ম্ম হুয়া আছে জানি।
ম্লেচ্ছ নাসিবাক হৰি মিলাইলেক আনি॥১৮৩
শুনা সভাসদ বনপৰ্ব্ব কথা সাৰ।
পাণ্ডবৰ হাতে হৰি খণ্ডাই ভূমিভাৰ॥
অঘটন কথাক ঘটন কৰে হৰি।
জগতৰ দুখছয় গুছে কেন কৰি॥১৮৪
হেন জানি কৰা হৰি চৰণে ভকতি।
ইতো ঘোৰ কলিযুগে আন নাহি গতি॥
বিষ্ণু বৈষ্ণবৰ কথা কৰিয়ো শ্ৰবন।
পাপৰ ভণ্ডাৰ নাশ হোৱে কতোক্ষণ॥১৮৫
ধনজন গৰ্ব্বে অন্ধ হোৱে যিতোজন।
ৰামকৃষ্ণ হৰিনাম নকৰে কীৰ্ত্তন॥
ধনজন সকলে ইহাতে ৰৈবে পৰি।
একলা যাইবা মাথো যমপুৰে চলি॥১৮৬
যমৰ কিঙ্কৰে ধৰি যাতনা ভুঞ্জাই।
সচা মিচা বুলি ৰাখন্তাও কেহো নাই॥
হে প্ৰভু নাৰায়ণ মই ভক্তি হীন।
নিজ ভৃত্য কৰি মোক ভক্তিধনে কিণ॥১৮৭