পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৮ ]

দিয়ো ইষ্ট বৰ প্ৰভু দেব পশুপতি।
দিয়ো আৰ সৈন্য সব আমাৰ সংহতি॥
মহেশে বোলন্ত দেবী বৰ দি আছয়।
মই বৰ দিবে আৰ যোগ্য নাহি কয়॥১৫৩
তথাপিতো তোক বৰ দিওঁ যেন মত।
প্ৰথমত ভুত ম্লেচ্ছ তিনিকোটী শত॥
তোক সেবা কৰি সদা থাকিবে সতত।
বাসা কৰি থাকা গৈয়া সাগৰ তীৰত॥১৫৪
এহি বুলি তাহাক খেদিলা শূলধৰ।
মেচ্ছ সেনা লৈয়া ৰৈলা সাগৰৰ তীৰ॥
লোক সকলক সিতে উপদ্ৰব কৰে।
দেবীৰ বৰত সিতো হাম্বাৰিয়া ফুৰে॥১৫৫
পূৰ্ব্বে মহেশ্বৰে তাত কহিছে বুজাই।
লোক উপদ্ৰব যদি কৰা কোন ঠাই॥
আমি যদি শুনো তোৰ নহৈবেক ভাল।
তোহোৰ সম্বন্ধে মই হৈবো যমকাল॥১৫৬
এতেকে সে কিছু গৈয়া মাগিয়া ফুৰয়।
তথাপিতো মাজে মাজে লোকক পীৰয়॥
মদ্য মাংস খাই কিল কিল কৰি থাকে।
দিনে ৰাতি ম্লেচ্ছগণে সেৱয় কৰি তাহাকে॥১২৭