পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৭ ]

আৰ এক বব ছিদ্ৰ শুনা কহোঁ তাত।
কদাচিতে নিচিন্তিবা লোকৰ অহিত॥
লোকৰ অহিত যদি অল্পই চিন্তিব।
স্ত্ৰীৰ হাতত তেবে মৰণ মিলিব॥১৪৮
মুনিহ শকতি স্ত্ৰী ধনুবান ধৰি।
অৱশ্যে জানিবা যমপুৰে যাইবা মৰি৷।
মুণিয়ে কহয় কথা শুনে পাঞ্চ ভাই।
দ্ৰৌপদীও শুনিয়া আছয় সেহি ঠাই॥১৪৯
অৰ্জ্জুনক অল্প কৰি বোলে বৰ নাৰী।
কোন স্ত্ৰী যুজিবেক হাতে ধনু ধৰি॥
ধনঞ্জয় বোলে শুনা, শুনিয়ো সুন্দৰী।
তুমিও বুজিবা ঘোৰ হাতে ধনু ধৰি॥১৫০
এহিবুলি মৌনে ৰহিলন্ত দুয়োজন।
পাছৰ কথাক আৰু কৰিলন্ত মন॥
বৈসম্পায়ন বদতি শুনিয়ো জন্মিজয়।
যুধিষ্ঠিৰে বোলে গুৰু কহিয়ো নিশ্চয়॥১৫১
পূনৰূপি ঋষি কথা কহিবাক লৈলা।
কালকুঞ্জ কোষক দুহান নাম ভৈলা॥
বৰ গোট কালকুঞ্জ সৰুটী শোষক।
হৰক প্ৰণামি পুনঃ মাগয় বৰক॥১৫২