এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৬ ]
তাত হন্তে দুই গুটি বালক জন্মিলা।
সুহনি আকাৰ তাৰ মুখ গোট ভৈলা॥ ১৪২
দুইখানি বালক দেখিতে দুৰ্ব্বিনয়।
উচপিচ কৰি কান্দে কেৱে নিনিৱয়॥
সৰিংশ্ৰবা নামে এক যোগিনী আছিলা।
পুত্ৰভাবে তাই দুই শিশুক তুলিলা॥ ১৪৩
পাচে হেমৱন্তু জীউ ভৈলন্ত পাৰ্ব্বতী॥
হৰক দিলন্ত বিহা কৰি মহাপ্ৰীতি॥
দেবীক সেবন্ত শিশু মহাদুখ পাই।
বোলে আমাসাক তুমি বৰ দিয়া আই॥ ১৪৪
ইতিনি লোকত দেৱ দৈত্য মনুষ্যত।
নাহিকে মৰণ মাগো তযু চৰণত॥
দেবী বোলে ইতোবৰ অতি শ্ৰেষ্ঠত্তৰ।
বিনাশ চিন্তিবে খোজা সবে জগতৰ॥ ১৪৫
তথাপি তোহোক দৱা কৰিবোহো আবে।
এতেকে তেহোক মই বৰ দিব লাগে॥
কাতো হন্তে মৃত্যু নাই বৰ দিলোঁ মই৷
দূৰহন্তে ভক্ষদ্ৰব্য মিলিব নিশ্চয়॥ ১৪৬
যিটো খুজিলিহি মই দিলোঁ সেহিবৰ।
কৈলাশৰ পৰা আবে সত্তৰে অন্তৰ॥
উত্তৰ সাগৰ তীৰে বহিয়োক যাই।