পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৩ ]

নমো নমো দামোদৰ   জগতৰ বিঘ্ন হৰ
 ভকত অভয় দাতাদেৱ।
বন পৰ্ব্ব কথা চবি   ৰাম সৰস্বতি কবি
  কৃষ্ণৰ চৰণে কৰি সেৱ॥১২৮
জয় জয় নাৰায়ণ ভকটৰ প্ৰিয় ধন
  কৃষ্ণ নামে সংসাৰ তৰয়।
আন সব পৰিহৰি ৰাম নাম সঙ্গে কৰি
 ভবসিন্ধু পাৰ হে হৱয়॥

শ্ৰীহৰিচন্দ্ৰ দেবে মিনতি কৰিয়া বোলে
 শুনা যত সভাসদ লোক।
ৰাম নাম কৰি সাৰ   হৰি হৰি বোলা সবে
  কলিৰ যে পাতেক খণ্ডোক॥১২৯





পদ।


বৈসম্পায়ন বদতি শুনিও নৰেশ্বৰ।
ঋষিৰ ৰূপক দেখি কুন্তীৰ কুমাৰ॥
মৌনে ৰহিয়াছে সবে বিস্ময় মনত।
তলমুণ্ড হুয়া সবে কৰি অবনত॥১৩০
হাস্য কৰি বোলে মুনি কিনো শুভদিন।
মহাভাৰ দূৰ হোৱে আৰ পাওঁ চিন॥