পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩২ ]

তোমাসাৰ পাঞ্চ ভাই   দেব বিষ্যে উৎপত্তি
 দৰষণ ভৈলোহো তোমাৰ॥১২৫
মোৰ থানে তোমা সব   থাকিয়োক মহাসুখে
 প্ৰতিপাল কৰিয়া যতনে।
দেবৰ প্ৰাৰ্থন্তে আসি   বনত প্ৰবেশ ভৈলা
 তোমাসাৰ সবে পাঞ্চজনে॥
নাহি নাহি দুৰ্জ্জোধন   ৰজাৰ যতেক দোষ
 ঈশ্বৰৰ ইচ্ছা হৈয়াচয়।
তোমাসাৰ যত কাৰ্য্য   আনে কিছু নজানয়
 ব্ৰহ্মা হৰে ইহাক জানয়॥১২৬
এহি মতে মুণিবৰে   আন নানা আস্বাসিয়া
 পাণ্ডব গণক বুলিলন্ত।
হেন মতে পাঞ্চ ভাই   পৰম আনন্দ মনে
 ঋষিৰ শৰীৰ চাহিলন্ত॥
সিৰে ভয়ানক জটা যেন অগনিৰ চটা
 ভকৰ ভকৰ বহি যান।
তপ্ত সুবৰ্ণৰ বৰ্ণ দেখি যেন বসুগুটি
 আলতাকে নিন্দে দুই কান॥১২৭
সত্য যুগে জাত হয় তথাপিতো দেখি যেন
 বয়শত সোৰষ বছৰ।
হাতৰ পাৱৰ নখ   ফুলি ফুলি আছে আতি
 তথাপিতো যেন বাছয় বছৰ॥