পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩১ ]

ইন্দ্ৰপ্ৰস্থ নগৰত মহাৰাজ যুধিষ্ঠিৰ
 তাৰ ভাতৃ আমি চাৰিজন।
মোৰ নাম ভীমষেন মোত চোত ধনঞ্জয়
 আৰু দুই পৰম বোজন॥
দোপদ ৰজাৰ আতি যজ্ঞমমণ্ডলৰ মাজে
 অগণি কুণ্ডত যাত ভৈলা।
মহা মুনিগনে পাছে  গণতি কৰিয়া আছে
 যজ্ঞষেণী নামক যে থৈলা॥১২৩
মস্য ভেদি ৰাজা জিণি আনিলন্ত ধনঞ্জয়
 মাতৃ বাক্যে পাঞ্চে বিতাইলো।
দুৰ্জ্জোধন ৰাজা সমে   পাখাত হাৰিয়া পাচে
 ৰাজা সমে বনক চলিলো॥
বাড়য় বহু মানে   বনত ফুৰিবে লাগে
 আৰু বৰিষেক অজ্ঞাত।
ঋষিগণ সম্ভাসিয়া তীৰ্থ সব স্নান কৰি
 ভ্ৰমি ফুৰো দাৰুণ বনত॥১২৪
তোমাক দেখিবে লাগি   আস্তিকৰ হ্ৰদহন্তে
 হৈ আছে আমাসাৰ ৰণ।
কতবা দিনেসে মিলি   আসি আসি বনে বনে
 ভৈলো তোমাসাৰ দৰষণ॥
হেম শুনি মুণিবৰে প্ৰশংসা কৰিয়া বোলে
 বৰভাগ্য মিলিলা আমাৰ।