এই পুথিখনি গুইয়া সত্ৰৰ শ্ৰীযুক্ত কৃষ্ণদেৱ গোস্বামীয়ে তেখেতৰ গাওৰ শ্ৰীবাঞ্চিৰাম কেওটৰ ঘৰত পাই, কিন্তু পুথিখনিৰ আগাগোৰা বহুত পাত নষ্ট হোৱাত সুবিধা কৰিব নোৱাৰি ১২৮ পদৰ পৰা ৫০৮ পদত অন্ত কৰি পুথিখনি লিখি মোক, চপাবলৈ দিয়ে। মোৰ মনৰ আশঙ্কা জন্মি এই পুথিখনি কত পাই বহুত বিচাৰ কৰি ওচৰৰ এজন মানুহৰ ঘৰত ওপৰৰ কেইটীমান পাত পোৱা হল। কিন্তু পেই পাতবোৰো পোকে খাই চিৰাচিৰ কৰা আছিল, ২।৩ জনে মীমাংসা কৰি ওপৰৰ ১ কৰ পৰ ১২৭ পদ পূৰাই চপা কৰা হল। বহুতদিন আগৰে পৰা চপা কৰাৰ মত কৰি এটা কপি লিখি ডিব্ৰুগৰৰ শ্ৰীযুত শিৱনাথ ভট্টাচাৰ্য্য মহাশয়ক সংশোধন কৰিব দিয়া হৈছিল। দুৰ্ভাগ্য বশতঃ তেখেতৰ হাতত কপিটো নষ্ট হোৱা বুলি লেখিলে। তাৰ পিচত ১৩৩৩ চনত মোৰ গৃহস্থি একেবাৰে লোপ পায়, সেই ঘটনা মোৰ প্ৰকাশিতগনক চৰিত বোলা পুথিত লিখা আছে। এতিয়া অল্প মনক শান্তিদি উক্ত গোস্বামীয়ে সৈতে এই কামত আগবঢ়া হল। পাঠক সকলে আসামৰ লোপ পোৱা সম্পত্তি এটা উদ্ধাৰ হল বুলি বিবেচনা কৰি একোখনি নি পাঠ কৰিলে আমাৰ যত্ন ও পৰিশ্ৰম সাফল হোৱা বুলি বিবেচনা কৰা হব।
প্ৰকাশক—
শ্ৰীহৰিশ্চন্দ্ৰ