সমললৈ যাওক

পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৯ ]

পত্ৰ আনি যত্ন কৰি  তাহাতে মহিলা ৰাজা
 চাৰি বীৰে পহৰা ধৰিলা।
ৰাম কৃষ্ণ বুলি ৰাজা  মন এক বাণি কৰি
 কিছু মান নিদ্ৰাক কৰিলা॥ ১১৭
অনন্তৰে ৰজণি যে  প্ৰভাতে উঠিয়া পাচে
 স্নাণ পান তৰ্পণ কৰিলা।
দেৱ পিতৃ অৰ্চ্ছা কৰি  কৃষ্ণ কৃষ্ণ নাম স্মৰি
 পথ ধৰি তীৰত চলিলা॥
কৰদূৰ যাই পাচে  জিৰাই ৰহিলা ৰাজা
 বোলে যাও কমল বনক।
মৰু নামে মহামুনি  তথাতে আছন্ত ভালে
 যাইবে আমি তাক চাহিবাক॥১১৮
এহি বুলি ধিৰে ধিৰে  চলি তীৰে তীৰে
  কুন্তিসুত যুধিষ্ঠিৰ ৰাই।
নদী নদ গিৰিবৰ খাল জোঙ নিৰন্তৰ
 এৰাই আতি পথ বহি যাই॥
দিন চাৰি পাঞ্চ মানে   কমল বনক পাইলা
 মৰু ঋষিৰ আশ্ৰম দেখিলা।
অনন্তৰে গৈয়া পাছে   মহাৰাজ ধৰ্ম্মসুত
 মুনিৰ থানত প্ৰবেশিলা॥১১৯
শিষ্যগণে আবৰিয়া বসিয়া আছন্ত ৰঙ্গে
  কত দূৰে ৰাজাক দেখিলা।