পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৫ ]

তথাতে আছিল দিন চাৰি পাঞ্চ মান।
নিশ্চয় কৰিলা মন চলিবাক আন॥৯৯
মুনিয়ে বোলয় বিষ্ণু ৰাতৰ তনয়।
মহাৰাজ কুণ্ডিসুত জগতে বিজয়॥
প্ৰভাতে উঠিয়া স্নান তৰ্পন কৰিলা।
দেৱ পিতৃ তুষি নিজ অন্নক ভুঞ্জিলা॥১০০
অনন্তৰে চাৰিবীৰে কৰিলা ভোজন।
দ্ৰৌপদীয়ে ভুঞ্জি থালি মাজিলা তেখন॥
সাজ হৈয়া চলি গৈলা যুধিষ্ঠিৰ ৰাই।
কান্দে দাসদাসী সবে তাসম্বাক চাই॥১০১
আমাক লগতে নিয়া আই পটেশ্বৰী।
ফুৰিবো বনত তোমাসাক সেৱা কৰি॥
প্ৰবোধন্ত দ্ৰৌপদী থাকিয়োক সবে জাই।
দশধানি পুৰত আপুন সুখ পাই॥১০২
এহি সেৱা কৰা সবে আচুকী কুমাৰী।
থাকিয়োক সবে অতি মহা সুখ কৰি॥
কতবা কালৰ সবে গৃহ বাৰি এৰিলন্ত।
যুধিষ্ঠিৰ মহাৰাজ চলিয়া গৈলন্ত॥১০৩
দাসদাসী সব চলি দশধ্যানি গৈলা।
সিদিনাক ধৰি সিটো থান শূণ্য ভৈলা।
জয় নৰনাৰায়ন ৰাজা মধ্যে সাৰ।