পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৪ ]

আদেসিয়ো দাদা ভযু যদি আজ্ঞা হয়।
তুমি যি কহিবা তাক কৰিবে লাগয়॥৯৪
যুধিষ্ঠিৰ বদতি শুনিয়ো বৃকোদৰ।
শুনা পুণ্ডৰিক ধনঞ্জয় বীৰবৰ॥
কত কাল আছো আমি মহা সুখ কৰি।
বনবাসী নহো হেন মনে আছো ধৰি॥৯৫
এতেকে সে ইটো সুখ ত্যজিবে লাগয়।
নাগৰাজ বাসুকীত কহিও বুজায়।
ভিমসেন তুমি দশ ধানিপুৰে যাহা।
দাস দাসী লোক সব ভালে থৈই আহা॥৯৬
নিয়মে ৰাখিয়ো যত লোক নিৰন্তৰ।
তুমি থাকি বাহা ঘোৰ বনৰ ভিতৰ॥
নিজকৰ্ম্ম কৰি ৰাখিয়োক নিতি যত।
নকৰিবা আপোন কামত বুদ্ধি হত॥৯৫
ৰাজাক প্ৰণমি পুণ্ডৰিক চলিযান্ত॥
নাগৰাজ বাসুকিত সমস্তে কহিবন্ত॥
ভীমশেন দশ ধানি নগৰক গৈলা।
দাস দাসী নিয়া সবে নিয়োজিয়া থৈলা॥ ৯৮
কতিপয় দিন থাকি আলি বৃকোদৰ।
ৰাজাত কহিলা পূৰ্ব্বাপৰ নিৰন্তৰ॥