পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫৩ ]

যশোদায় বোলে নন্দসুত   তোৰ মাঠা খাম পূত
 ঠেং ভাঙ্গি থম খোৰা কৰি
পৰৰ বস্তু দেখিলেও   নানা হেন কৰিম তোক
 মোহাৰি ভাঙ্গিম হাত ভৰি।
আই ধৰ বাই ধৰ যদুমণি মাৰে লৰ
 কোনে পাৰাহ মোক ধৰিদি
ভাণ্ডা ভাঙ্গি লয়নু খায়  খেদা মাৰিলে পলাই যায়
 ইয়াৰ উপায় হব কি॥
কহয় শ্ৰীহৰি দেৱ শুণা মোৰ বন্ধু সবে
  কৃষ্ণৰ শিশু লীলা চৰিত্ৰ।
নৰনাৰী সবে সুখে  কৃষ্ণ নাম গোৱা মুখে
 তেবে সবে হৈবাহ পবিত্ৰ॥