পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫১ ]

এই কথা শুনি   গৈলা গোপীগণ
 হাতে কৃতাঞ্জলি কৰি।
কহে হৰিদেবে   এ প্ৰাণেৰ বান্ধবে
 শিশু গোবিন্দৰ লীলা।
গোপৰ তুতিত  কৃষ্ণ তুষ্ট ভৈলা
 অম্বৰ পেলাই দিল॥


জুনা

৫। বাপু মোহন মুৰালি বাচি এৰিলি কত 
আমি সবে গোপী ভাল মতে জানো বাচি এৰিলি যত

অহৰিএ গধুলি বেলিকা   ফুৰিব গৈছিলা
 হাতে মোহন বাচি লৈ।
কাবাৰ গৃহত   ৰঞ্জনী বঞ্চিলা
 বাচি আহিলা থৈই
এৰিলা এৰিলা এত দোষ নাই
 এতিয়া আনাগৈ বাচি।
তুমিও যুবত ৰাধাও যুবতী
 দেখিলে উঠিবে হাঁচি॥