পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৪২ ]

শেষত ভোজন কৰে দ্ৰুপদ জীয়াৰী।
এহিমতে ৰহি যান্ত মহাৰঙ্গ কৰি॥
কতদিনে পাইলা গই শ্ৰীফল বনক।
পাৰ্ব্বতী মহেশে যাক নচাৰে ক্ষনেক॥ ৬৪৯
বিন্দু নদী বহে তাক চৌভিতি আবৰি।
বহিলন্ত তাত গৈয়া পৰম সদৰি॥
বিন্দু তীৰ্থে স্নান কৰি ৰাজা যুধিষ্ঠিৰ।
কৃষ্ণক অৰ্চ্ছনা কৰিলাহা মহা ধীৰ॥ ৬৫০
শ্ৰীফল বনক এৰি পাইলা ক্ষুদ্ৰ স্থান।
আছয় গাল্বব মুণি তাৰ সমিধান॥
মুনিৰ আশ্ৰমে গৈয়া উপসন্ন ভৈলা।
কথা মাতে মুনি সমে সিদিনা ৰাইলা॥ ৬৫১
মুনিয়ে বোল তাসম্বাৰ শ্ৰীক ছাই।
বনবাসী হেন কিচু বুজন নজায়॥
মুনি সমে কথা মাতে ৰজনী বঞ্চিলা।
আৰ দিনা ৰাজা পাছে মুনিত পুছিলা॥ ৬৫২
অগষ্টি বাউলৰ স্থানে যাইবে মন কৰো।
কোন দিশে আছে কেনমতে পথ ধৰো॥
ৰাজাক সম্বোধি পাছে মুনিয়ে কহয়।
মলয় গিৰিৰ গুৰু অগষ্টি আছয়॥ ৬৫৩