এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৪১ ]
সেহি থান পাইলা যুধিষ্ঠিৰ মহাঞ্জসি।
ধীৰে ধীৰে চলি যাই আশ্ৰমত পসি॥
ফলে ফুলে জাতিস্কাৰ গহন অপাৰ।
নামত কাঞ্চন বন দেখি চমৎকাৰ॥৬৪৪
তৃতীয় দিবস মানে তথাত আছিলা।
অনন্তৰে পাচে ঋষি সত্ৰক দেখিলা॥
কৃতাঞ্জলি কৰিয়া নমিলা মহীপতি।
পুনৰূপি ছয়োজনে কৰিলেক গতি॥৬৪৫
কতদুৰ গৈয়া পাছে ৰজনী মিলিলা।
পত্ৰ গৃহ সাজি ৰাজা তথাত ৰহিলা॥
প্ৰভাতে উঠিয়া ৰাজা কৰি স্নান পান।
দেৱ পিতৃ অৰ্চ্ছি পুনু কৰিলা গমন॥৬৪৬
নদ নদী সৰোবৰ পৰ্ব্বত অপাৰ।
এৰিয়া চলয় পাঞ্চ পাণ্ডুৰ কুমাৰ॥
কত দুই পৰ কতো তিনি পৰ যায়।
গৃহ কৰি ৰহে তদ্ৰত্তৰ বনচায়॥৬৪৭
বৃকোদৰে মৃগ মাৰি তথাত আনয়।
নকুল সহদেৱ দুয়ো বাচিয়া দিৱস॥
দ্ৰৌপদী ৰন্ধন কৰে নৃপতি ভুঞ্জয়।
তাত পায়ে চাৰি ভাতৃ ভোজন কৰয়॥৬৪৮