এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৪০]
জানু পাৰি প্ৰণামিলা উঠি ছয়োজন।
মুনিয়ে আশীস কৰিলন্ত ৰঙ্গ মন॥
কবচ পঢ়িয়া শিষ্যে বেদ যন্ত্ৰ স্মৰি।
ৰাজাক আশীষ দিলা উৰ্দ্ধবাহু কৰি॥৬৩৯
পাচ কৰি কৰি চলি যান্ত ছয়োজন।
চক্ষুদৃষ্টি যত মান দেখিল থান॥
অনন্তৰে ৰাজা পাইলা বৰাহ পৰ্ব্বত।
আছন্ত মাণ্ডবী ঋষি ঈশ্বৰ চিন্তাত॥৬৪০
তাহাত যে আছিলন্ত বৰাহ ঈশ্বৰ।
তথাক পাইলন্ত গই ৰাজা যুধিষ্ঠিৰ॥
পৃথিবী উদ্ধাৰ বেলা ভাহাত আছিলা।
সেহি সৰস্বতী জলে আচন্ত কৰিলা॥৬৪১
বৰাহ হৰিয়ে তাৰ জল পান কৈলা।
ব্ৰহ্মা আদি দেৱগণ তথাত আছিলা॥
সেহিতো বৰাহ গিৰি পুণ্যৰ আলয়
মহামুনি সবে তাত যজ্ঞ আচৰয়॥৬৪২
সৰস্বতী নদী বিষ্ণুপদী সম সৰ।
যাত স্নান কৰে সিদ্ধদেৱ বিদ্যাধৰ॥
সতাধিক সহস্ৰ হাজাৰ মুনিচয়।
লোকৰ অশ্ৰুতে মহাযজ্ঞ আচৰয়॥৬৪৩