পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩৮ ]

বহুত শাস্ত্ৰৰ সম্মত আচয়
 ৰহস্য আতি পৰম
মুখ্য মুখ্য চাই বিৰচিলো আমি
  কৰি আতি অনুক্ৰম॥
পদ ৰচনাত যিটো কিছু দোষ
  ক্ষমিওক মহাজন।
মই কৃষ্ণ ভূত্য এতমান কৃত
 অৰ্পিলো কৃষ্ণ চৰণ॥৬৩২
সভাসদ সবে শুণা নিশবদে
 পৰিহৰা আন কাম।
এৰিয়া দুৰ্গতি  লভিবা মুকুতি
 বেঢ়ি বোলা ৰাম ৰাম॥


পদ

জন্মিজয় ৰাজাত কহন্ত মুণিবৰে।
অদ্ভুত মহিমা সিটো পাঞ্চ পাণ্ডবৰে॥
যাত পালিবাক নপাৰয় দেৱচয়
মনুষ্য শৰীৰে সবে তাহাত পলয়॥ ৬২৩