পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩৭ ]

হেনয় অৰুণ মধুৰ ভুজাঙ্গ
 মকৰন্দ মধু পান।
সদায় তাহাত মজিয়া ৰহোক
  কৰি তাহাক পালন॥৬২৯
নৰ নাৰায়ণ নৃপতি প্ৰধান
 ৰবিতলে সম নাই।
জপে গুণে ধীৰ   গহীন গম্ভীৰ
  কৃষ্ণক চিন্তে সদায়॥
বৈষ্ণব বিপ্ৰ সদা আৰাধন্ত
 বাচকৰ পুৰি মন।
সৰ্ব্বক্ষণে কাজ নামক নেৰন্ত
  কৃষ্ণৰ দুই চৰণ।। ৬৩০
ধৰ্ম্ম ন্যায় নীতি লোকৰ প্ৰবৃত্তি
 বঢ়াৱত দিনে ৰাতি।
নাহি দণ্ড বন্ধ ৰ তাৰ সব
 যেহি দিবা দেন্ত আতি॥
জম্বুদ্বীপে ৰাজা  যতমান আছে
 সবাকো জিনিয়া মন
কীমৰূপ মধ্যে মহন্ত সবক
 যজ্ঞ কৰি বিভুষণ॥৬৬১