পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩৫ ]

হেন সময়ত পাচে   যুধিষ্ঠিৰ নৰ ৰাই
 ভাৰ্য্যা ভাতৃ সমে মিলিলন্ত।
অসংখ্যাত শিষ্য সঙ্গে   কৰ্ণদত্ত মুণিবৰে
  কতদূৰ মানে দেখিলন্ত॥
ধীৰে ধীৰে গৈয়া পাচে  জানু পাৰি প্ৰণামিলা।
 দেখি ঋষি আসন দিয়াইলা।
আসনক মান্য কৰি   মহাৰাজ কুন্তীসুত
 হাত দিয়া মাটিত বসিলা॥৬২৫
হাস্য কৰি মুণিবৰে ব্ৰহ্ম চন্দ্ৰক যে চাই
 বুলিলন্ত ৰাজাক বচন॥
দেবকাৰ্য্য সাধিবাক   লাগি ভাতৃ ভাৰ্য্যা সমে
  কৰিলাহা বনক গমন॥
যত যত ক্লেশচয় পাইলাহা বলও তুমি
 তাক আমি জানি আছো ভালে।
তোমাসাৰ যসকীৰ্তি ৰহিলন্ত নিৰন্তৰে
 যাবে চন্দ্ৰ দিবাকৰ জ্বলে॥৬২৬
আমাৰ থানক আবে   বৰ শ্ৰমে আসিলাহা
 ম্লেচ্ছে পীৰা কৰিলা বহুত।
পাঞ্চ ভাইৰ মৃত্যু ভৈলা   দেবকাৰ্য্য নষ্ট গৈলা
 যাজ্ঞসেনী কৰিলা মুকুত॥