এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩৪ ]
এহি মতে পাঞ্চ ভাই মহাৰঙ্গে বহি যায়
ঋষিৰ আশ্ৰমে উঠলন্ত
শুক্ল স্ফটিকৰ বৰ্ণ প্ৰকাশ কৰয় আতি
যেন হৰ কৈলাসে আচন্ত॥৬২২
কদম্ব বৃক্ষৰ তলে শিষ্য সব বসি আছে
নাহি গৃহ মণ্ডপ আবাস
দীৰ্ঘ প্ৰস্থে একদণ্ড মানৰ প্ৰমান হবে
ৰবিশশী নবহে বতাস॥
অযুতেক শিষ্য সমে ব্ৰহ্মময় বৃক্ষতলে
বসি আছে ব্ৰহ্মক ধিয়াই।
শিষ্য সকলৰ আগে বেদ বাখ্যা কৰি থাকে
অমৃততো স্বাদ আতি পাই॥৬২৩
থুলন্তৰ জটা গোট বৃহত শৰীৰ বৰ
শোভন সুন্দৰ হস্তদুটী।
দিব্য সিংহাসনে বসি কৰে মালা জপ্য কৰি
যেহেন ৰুধিৰ পৰে ফুটি॥
যাহাৰ তপৰ সীমা নজানয় ব্ৰহ্ম হৰে
ব্ৰহ্মা সৃষ্টি কৰিতে সমৰ্থ।
চাৰি বেদ চৈধ্য শাস্ত্ৰ কণ্ঠত কৰয় বাস
শিষ্য সবে গুণে সব অৰ্থ॥৬২৪