সমললৈ যাওক

পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩৩ ]

ব্ৰহ্মময় মহাস্থান   ভ্ৰমৰাৰ মধু পান
  কোকিলৰ কুহু কুহু নাদ।
অসংখ্যাত ৰাজহংস   ৰাম ৰাম কৰি থাকে
 বসন্তৰ মধুৰ সম্বাদ॥
দেখি ৰাজা সবহিতি   জানু পাৰি প্ৰণামিলা
 গোসানীৰ মন্দিৰক চাই।
ব্ৰহ্মতে শিৰুজহুয়া   যত মহাজন আছে
 তাসম্বাক প্ৰণামিল যাই॥৬২০
কতো বেলি মানে যাই   ঋষিৰ আশ্ৰম দেখি
 প্ৰকাশিত আতি জাতিস্কাৰ।
দীৰ্ঘ প্ৰস্থে যোজনেক   উশ্ৰিত সুন্দৰ জ্বলে
 ব্ৰহ্মময় মন্দিৰ অপাৰ॥
পুষ্পবন কুশবন   নানা মত প্ৰকাশয়
 পক্ষী সবে লৱে হৰি নাম।
পশু সব সুকোমল   সবে পানী ভুঞ্জি ৰছে
কাকো কেৱে নকৰে হিংসন॥৬২১
পুষ্পৰ সুৰভি গন্ধে   মন মোহয় আতি
 ফলসব আমোদিত বাসে।
মহা ব্ৰহ্ম চাৰি সবো   সদায় ব্ৰহ্মক চিন্তে
 দৰশণে শোক দুখ নাশে॥

১২