পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৩]


অযোণী সম্ভবা কন্যা যজ্ঞ মণ্ডপত।
মহা সুচৰিত্ৰ নাৰী তাহাৰ গৃহত॥৩৮
দুৰ্যোধন দ্বেস্য কৰে পঞ্চ পাণ্ডৱক।
কুট পাশা সাজি পাছে পঠাইলা বনক।৷
অনন্তৰে ভবাৰ্ণব বনক আসিল।
এত আসি বহুতৰ বিপদ মিলিলা।৷৩৯
তাহাৰ মধ্যম ভাতৃ ভীমক মাৰাত।
নাগৰাজা দুহিত্ৰিক দিলন্ত তাহাত।৷
দশধামী নামে এক নগৰ পাতিলা।
নাগ সেনা দিয়া সেহি কন্যা পাহে থৈলা॥৪০
যুধিষ্ঠিৰ ৰাজা তেও অসাত মজিলা।
তোমাক নিবাক লাগি আমাক বুলিলা।৷
এতিক্ষণে গুৰু বাপ যাইবাক লাগয়।
তেবে সবাহাৰ জানো মন পুৰ হয়॥৪১
শুনি ঋষি মনে পাছে বিমঋষ পাইলা।
আমাসাৰ কাৰ্য আসি সন্নিত চাপিলা॥
এহি বুলি মুনি পাছে উঠিলা সত্তৰ।
দণ্ড চাৰিমানে ভৈলা জলৰ ওপৰ।৷৪২
তান তেজে যেবে ধৰশিল বহু পুৰ।
পুণ্ডৰিক নাগ আসি পাইলা কত দূৰ।৷