পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৮ ]


ব্ৰহ্মায়ে প্ৰাৰ্থিলা দুখ দেখি পৃথিবীৰ।
দেবতা সকলে পাইলা শষ্য শৰীৰ॥
পুৰ্ণব্ৰহ্ম আসি দৈবকীত জন্মিলন্ত।
গোপৰূপে নন্দৰ গৃহত বাঢ়িলন্ত॥ ৪৯৭
মেঘ বক পুতনা কংসৰ লৈলা প্ৰাণ।
যতেক দানব দৈত্য কৰিলা ণিৰ্জ্জান॥
দন্তবক্ৰ শিশুপাল পাৰিসদ দুই।
সিদ্ধ সাপ পায়া পৃথিবীত যাত হুই॥ ৫৯৮
দৈত্য দানবৰ আৰু ভৈলা নৰ জন্ম।
নৰৰূপ ধৰি তাক মাৰি অনুক্ৰম॥
সাগৰ মাজত পাতি নগৰ বিশেষ।
গৃহাশ্ৰম ধৰ্ম্ম প্ৰবৰ্ত্তান্ত হৃষিকেশ॥ ৫৯৯
পৃথিবীৰ মহাভাৰ দূৰ কৰিলন্ত।
বনৰ ভাৰক দেখি মনে গুণিলন্ত॥
নৰৰূপে মহাদেৱ তান পাঞ্চ ভাই।
যজ্ঞমণ্ডপত দেবী উপজিলা যাই॥ ৬০০
পাঞ্চজনে বিহা কৰি আছে এক নাৰী।
দেৱমুনি সবে দিয়া আছে ভাগ কৰি॥
কুৰুবংশ সমে কুট পাশাখেলাৱয়।
বনৰ ভাৰক প্ৰভু হৰিবাক লয়॥ ৬০১