পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১২৭ ]

হৰিৰ নিৰ্ম্মল সিটো দিব্য সৰোবৰ।
ৰত্নময় খাতখৰি চাৰিয়ো পাৰৰ॥
পুষ্পচয় আছে তাত দেখি বিতোপন।
বাৰ মাস বসন্ত তাত ৰহে সৰ্ব্বক্ষণ॥৫৯২
পৃথিবী মধ্যত ফুল পুষ্প আছে যত।
সবাহাকে পাই তাক সকলো কালত॥
সিংহ বাঘ ভালুক যতেক পক্ষিচয়।
থানৰ প্ৰভাবে কেৱে কাকো নিপিৰয়॥
কৰ্ণদন্ত মুনিৰ যে মহিমা অপাৰ।
দূৰতে পৰিয়া কৰিলন্ত নমস্কাৰ॥ ৫৯৩
কৰ্ণদত্ত ঋষিৰ ব্ৰহ্মচন্দ্ৰ শিষ্য বৰ।
সত্তৰি হাজাৰ শিষ্য আতি মুখ্যতৰ॥
তাহাঙ্ক চাহিয়া মুনি বুলিলা বচন।
ব্যাসৰ ঔৰষে ভৈলা পুত্ৰ তিনি জন॥৫৯৪
দুইজন ৰাজা ভৈলা মহত্ত অনেক।
বৰ গোট দুই আখি ভৈলেক অন্ধক॥
হস্তিনা পুৰিৰ ৰাজা শতপুত্ৰ তাৰ।
চোট গোট ইন্দ্ৰপ্ৰস্থে ৰাজা অনিৰ্ব্বাৰ॥৫৯৫
কুন্তকলা অপেশ্বৰী আসি সেহি ঠাই।
আপোনাৰ দোষে মনুষ্যৰ ৰূপ পাই॥
তান্ত পাঞ্চ পুত্ৰ যাত মহাবলবন্ত।
তিনিজন একঠাই তাহাতে ভৈলন্ত॥৫৯৬