পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১২৬]

দেখি সহদেবে চাৰি শৰ প্ৰহৰিলা।
যক্ষৰ গাৱত গৈয়া সন্ধানে পৰিলা॥
চাৰি গোট সৰ্প যেন পশিলা গৰ্ত্তত।
হুসকিয়া ৰৈলা সিতো ভৰি পাঞ্চশত॥ ৫৮৭
আৰু সহদেবে তাক লৰিবে নেদিলা।
খুৰবান হানি তাৰ মাথাক চেদিলা॥
পৰিলেক যক্ষ গোট পৰ্ব্বত আকাৰ।
একখণ্ড ধৰণী কম্পিলা নিৰন্তৰ॥ ৫৮৮
যক্ষক মাৰিয়া পাছে গধূলি বেলাত।
মাৰিয়া অনেক পশু মিলিলা তথাত॥
দেখি যুধিষ্ঠিৰৰ যে আনন্দিত মন।
নকুল সহদেৱক চাহন্ত ঘনে ঘন॥ ৫৮৯
এহিমতে ৰাজা ৰঙ্গে ৰজনী বঞ্চিলা।
দিনদশ মান পাচে তথাতে ৰহিলা॥
অনন্তৰে কমল বনক যাইবে মন।
পৰম কৌতুকে ৰাজা কৰিলা গমন॥৫৯০
পাইলন্ত মলয়া চল মহাৰম্য স্থান।
তাহাক এৰাই গৈলা কতো দূৰমান॥
নদী সৰোবৰ যত পৰ্ব্বত গহন।
চন্দ্ৰপ্ৰভা সৰোবৰ ভৈলা দৰশন॥৫৯১