পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১২৫]

সত্তৰে অন্তৰ ঐৰ মৃগ পৰিহৰ।
আপোনাৰ প্ৰাণ ৰাখি নিজ পথ ধৰ॥
যদি মোৰ বচন নকৰা এতিক্ষণ।
শুল ঘাৱে জীৱ যাইদ নিশ্চয় বচন॥ ৫২
নকুলে বোলয় অৰে ভৰোয়াস কাক।
মৃগ এৰি নধাইবোহো ধৰি তোৰ বাক॥
যদি আমাসাক তই জোকাস পামৰ।
মহাশৰ ঘাৱে মাৰি নিবো যমঘৰ॥ ৫৩
এহি বুলি শৰ যুৰি ধনুত আচয়।
তিনি পাট শৰ তেবে যক্ষক মাৰয়॥
বৰ বেগে শৰ গৈয়া গাৱত পৰিলা।
নকুলৰ সৰে গৈয়া ছাল নিবিন্ধিলা॥ ৫৮৪
পুনুৰূপি হাণিলেক আৰু নবশৰ।
দীঘল ডাঙ্গৰ শৰ দেখি লাগে ডৰ॥
তথাপিতো যক্ষ ছাল লোম নলৰয়।
মনে মনে গুনিয়া লাগিলা মহাভয়॥৫৮৫
নেভেদিলা শৰ দেখি দাৰুণে চোৱাই।
মাদৃসুত বীৰক বধিবে খেদি যাই॥
দেখি ধনু তুলি ধৰি কোব এক দিলা।
গুণগাছ চিঙি ধনু উফৰি পৰিলা॥