পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১৩ ]

শুনিওক আই হেলা পৰিহৰি
 দেবৰ বচন কৰা।
স্ত্ৰীৰ হাতত তাহাৰ মৰণ
 বিলম্বক পৰিহৰা॥৫২২
ইন্দ্ৰ আদি কৰি সকলে আসিয়া
 ভাৰ্য্যা গণ সঙ্গে কৰি।
অপেশ্বৰাগণ ৰহিলা বিমানে
 তোমাক সবে আবৰি॥৪২৪
তাসম্বাৰ বাক্য নমস্কাৰ কৰি
 গাণ্ডীব ধনু ধৰিলোঁ॥
দেবৰ বৰত বল পৰাক্ৰম
 সমস্ত মই লভিলো॥৫২৫
অসংখ্য হাজাৰ ম্লেচ্ছক বিনাশ
  কৰিলোহোঁ এহি ঠাই।
সৈন্য বধ শুনি বজাই আসিলা
 দানবৰ সৰু ভাই॥৫২৬
বৃক্ষ শিলা হানি আমাক বধিবে
  কৰিলা বৰ যতন।
এক শৰ হানি  কৰিলোঁ বিনাশ
  কৃষ্ণক সেবি চৰণ॥৫২৭