এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১২ ]
দেব মনুষ্যত অবধ্য শৰীৰ
দুৰ্গাৰ বৰত আতি।
প্ৰহৰেক পন্থ হাতে ঢুকি পায়
তেজ খাই ক্ৰূৰ মতি॥৫১৮
তোমাৰ পাঞ্চ শুষি খাইলেক
অনাথিনী ভৈলো আসি।
পাপীষ্ঠ ৰাক্ষসে মোহোক নখালে
ভৈলো মই অধোগামী॥৫১৯
আমাক নিবাক তাৰ দুই ভাই
আসিলেক কাচি পাৰি।
গাৱৰ শকতি দিলোহোলৱৰ
নপাইলে মোক বিচাৰি॥৫২০
এক বৃক্ষতলে বসিয়া আছিলোঁ
দুখৰ নাহিকে অন্ত।
কবচ সন্নাহা সহিতে তহিত
আকাশ বাণি ভৈলন্ত॥৫১১
গাণ্ডীব ধনুক ধৰি বৰ নাৰী
ম্লেচ্ছৰ সৈন্য মাৰিও।
তোমাৰ স্বামীক আমি জীয়াই দিবো
দেৱৰ কাৰ্য্যক সাধিও॥ ৫২২