পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১০ ]

ধনজন দিয়া তেবে কৰিব ৰক্ষণ।
মই বৰ মানুষ বুলিয়া গৰ্ব্বমান॥
সিতো গৰ্ব্বচুৰ হৈব দুতৰ হাতত।
ধনজন সবে পৰি ৰব ইথানত॥ ৫০৮
হেনজানি নৰলোক হৰিক ভঞ্জিয়ো।
বিষয়ৰ লতপত দূৰত তেজিয়ো॥
পৰম বান্ধব জানা মাধবৰ নাম।
তাতে বৈষ্ণবৰ নাম গোৱা অবিশ্ৰাম॥৫০৯
জানিয়া যতনে তৰিবাৰ কৰা কাম।
লাগোক পাপত জুই বোলা ৰাম ৰাম॥ ৫১০


দুলৰি।

নিগদতি মুনি শুনা জন্মিজয়,
 যেন কথা ভৈলা পাচে।
যুধিষ্ঠিৰ ৰাজা এক মন কৰি
 দ্ৰৌপদীক চাহি আছে॥ ৫১১
অল্প অল্প কৰি কৃষ্ণক সুমৰি
 কুন্তী সুত ধৰ্ম্ম ৰাই।
বোলন্ত দ্ৰৌপদী কহিওক কেন
  আমাত কথা বুজাই॥ ৫১২