পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১১]

এহি বুলি ৰাজাক নমিলন্ত ভূমি চুই।
যেন মেৰু পৰ্ব্বত চলিলা ৰঙ্গ হুই॥২৮
কতক্ষণে হ্ৰদৰ সমিপ চাপিলেক।
পাৰত উঠিয়া গায় গোট চালিলেক॥
হাজাৰেকে ফণা মণি ওপৰক তুলি।
জাপ দিব মনে আছে চাহিয়া সমুলি॥২৯
আকাশত দেৱগণে চাহিয়া আচয়।
পুণ্ডৰীক নাগে হ্ৰদ উবাৰ কৰয়॥
মহাবেগে লেজ গোট ওপৰে ডালিয়া।
ফোকাৰ তেজিয়া আলাসিয়া লাম্ফ দিয়া॥৩০
হ্ৰদৰ মাজত পৰিলেক মহা বলী।
পৰ্ব্বত আকাৰ ঢৌ উঠিলা আফালি॥
কসতি বান্ধিছে, তাৰ পাৰ বহুতৰ।
তাহাৰ আণ্ডোলে তল গৈলা নিৰন্তৰ॥ ৩১
দিলা বুৰ বেগে লাঞ্জ কৰি এক ঠাই।
নিমিশেকে গৈয়া আস্তিকৰ ঠান পাই॥
ঋষিয়ে বোলয় শুনিয়োক জন্মেজয়।
বৈষ্ণৱৰ কোন স্থানে অসাধ্য আচয়॥৩২
কতকালে তান বানো সমাধি ভাগয়।
পাণ্ডৱৰ ভাগ্য হেতু হ্ৰদত আছয়॥