মহাৰাজ ভীষ্মক, বাণ, নৰক, ভগদত্ত আদি প্ৰবল পৰাক্ৰান্ত নৃপতিসকল আৰু তেওঁলোকৰ শাসিত সাম্ৰাজ্যৰ সুসভ্য প্ৰজাসকলে আৰ্য্যসকলৰ পৰা ‘অসুৰ’, ‘যবন’, ‘কিৰাত’ ‘গন্ধৰ্ব্ব’, ‘কিন্নৰ,’ ‘ম্লেচ্ছ’ আদি নাম পালেও এই কামৰূপ সাম্ৰাজ্যৰ ৰাজধানী প্ৰাগ্জোতিষ আৰু তাৰ ওচৰ-সামৰৰ জনপদবিলাকৰ অধিবাসীসকল যে জ্ঞান, বিদ্যা, বুদ্ধিত আৰ্য্যসকলতকৈ বহুত গুণে উন্নত আছিল আৰু প্ৰাগ্জ্যোতিষ জ্ঞান বিজ্ঞান, কলাবিদ্যাৰ কেন্দ্ৰস্থল আছিল য’ত অকল ভাৰতৰ নহয়, ভাৰতৰ বাহিৰৰ পৰাও মনিষীসকল আহি শিক্ষা লাভ কৰিছিল — তাৰ ভূৰি ভূৰি প্ৰমাণ আৰ্য্যসকলৰেই শাস্ত্ৰত আৰু ভালেমান বিদেশী পৰ্য্যটকৰ লিখাৰ পৰা পোৱা যায়। সেইবিলাকৰে দুই এটা তলত উদ্ধৃত কৰা হল :—
“কামৰূপং মহেশানি ব্ৰহ্মণো মুখ মুচ্যতে”। ( ৰাধাতন্ত্ৰ- ২০ অধ্যায় )
“হে মহেশানি! কামৰূপেই ব্ৰহ্মাৰ মুখ অৰ্থাৎ সকলো জ্ঞান-বিজ্ঞানৰ জন্মস্থান।”
“অস্য মধ্যে স্থিতো ব্ৰহ্মা প্ৰাঙ্ নক্ষত্ৰং সসৰ্জ্জহ।
“ততঃ প্ৰাগ্জ্যোতিষাখ্যেয়ং পুৰী শত্ৰু পুৰী সমা॥”
( কালিকাপুৰাণ-৫১ অধ্যায় )
“ইয়াৰ ভিতৰতে থাকি ব্ৰহ্মাই প্ৰথম নক্ষত্ৰ সৃজন কৰে অৰ্থাৎ প্ৰথম জ্যোতিষ বিদ্যাৰ জন্ম ইয়াতে হয়, সেই বাবে এই ইন্দ্ৰপুৰী তুল্য পুৰীখনৰ নাম প্ৰাগজ্যোতিষপুৰ।”
“ঐশান্যাম্ নাটকশৈলে শঙ্কৰস্য মহাশ্ৰমঃ।
“নিত্যং বসতি তত্ৰেশ স্তদধীনাচ, পাৰ্ব্বতী॥