সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

বিনোদ মহাশয়ে তেখেতৰ অমূল্য গ্ৰন্থ “কামৰূপ ৰাজাৱলী”ৰ পাতনিত লিখিছে—“ঐ সময়খিনিই সাৰ্ব্বভৌম পদবী লাভেৰ জন্য দিগ্বিজয়ে বহিৰ্গত হইয়াছেন, তিনিই একবাৰ ভাৰতেৰ এই উত্তৰ-পূৰ্ব্ব দিক্‌স্থিত প্ৰাচীন ৰাজ্যেৰ অধিপতিৰ সহিত প্ৰহৰণ বিনিময় কৰিয়া গিয়াছেন। * * * চাৰিহাজাৰ বৎসৰ গৌড় মগধাদিৰ প্ৰবল পৰাক্ৰান্ত অধিপতিগণেৰ পাৰ্শ্বে থাকিয়াও যে কামৰূপেৰ ভূপতিগণ তাহাদেৰ ৰাজ্য সীমা অক্ষুণ্ণ ৰাখিতে পাৰিয়াছিলেন, ইহাতে ভাস্কৰবৰ্ম্মাৰ এবং তদীয় অগ্ৰ-পশ্চাৎবৰ্ত্তী কামৰূপাধিপতিগণেৰ বীৰত্বেৰ তথা ৰাজনীতিৰ উৎকৰ্ষই সূচিত হয়।”

 এই মহাকান্তাৰ, প্ৰাগ্জ্যোতিষ বা কামৰূপ সাম্ৰাজ্যৰ সীমা কালিকাপুৰাণ, যোগিনীতন্ত্ৰ আদিত বৰ্ণিত কৰতোয়াৰ পৰা দিক্কৰ বাসিনীলৈকে মাথোন আবদ্ধ নাছিল। ওপৰত উনুকিওৱা অমূল্য গ্ৰন্থ “কামৰূপ ৰাজাৱলী”ৰ পাতনিত বিদ্যাবিনোদ মহোদয়ে কৈছে,—“তিনি (ভগদত্ত) প্ৰাগজ্যোতিষ পাৰ্শ্বস্থ পাৰ্ব্বত্য প্ৰদেশগুলিৰ আধিপত্য লাভ কৰিয়া ৰাজ্যেৰ সীমা উত্তৰে ও পূৰ্ব্বে সমধিক বৰ্দ্ধিত কৰিয়াছিলেন। তিনি পূৰ্ব্বসাগৰ পৰ্য্যন্ত ভূভাগ অধিকাৰ কৰিয়াছিলেন এবং প্ৰাচীপতি পিতৃশত্ৰু মহেন্দ্ৰেৰ সঙ্গে সখ্যবন্ধন কৰিয়া সুৰলোকেও (মহাচীনেও) প্ৰতিপত্তি লাভ কৰিয়াছিলেন।” মহাভাৰতৰ বহুত ঠাইত কামৰূপৰাজ ভগদত্তক ‘পূৰ্ব্বসাগৰবাসী কিৰাত-চীন-ম্লেচ্ছ যবনসকলৰ অধিপতি,’ ‘প্ৰাচীপতি