আদি আৰু কামৰূপীয় তালৰ ধৰণ-কৰণ আদি ৰাখি যিমান দূৰ সম্ভব গীত কিছুমান ৰচনা কৰি সাধাৰণত সেই বোৰ গাই-বজাই প্ৰচাৰ কৰিব লাগিব। অজ্ঞ সাধাৰণৰ বিকৃত ৰুচিয়ে আমদানী কৰা বাহিৰৰ সুৰ-ঠাট আদিয়ে যাতে আকৌ সেই কৰ্ম্মীসকলৰ উদ্যম আৰু প্ৰয়াস বিফল নকৰে, সেই মতে প্ৰতিবিধান লব লাগিব। সিদিনা অলপতে ত্ৰিবাঙ্কুঁৰ ৰাজ্যৰ অধিপতিৰ জন্মোৎসব উপলক্ষে সদৌ কৰ্ণাটিকৰ এখনি সঙ্গীত সন্মিলন হৈছিল। সেই সন্মিলনত ত্ৰিবাঙ্কুৰ মহাৰজাৰ বিজ্ঞান কলেজৰ অধ্যাপক ডাঃ আৰ্ শ্ৰীনিবাসনে “Influence on Democracy on Music” নামৰ এটা সাৰগৰ্ভ আৰু গভীৰ গবেষণা পূৰ্ণ বক্তৃতা দিয়ে। সেই প্ৰসঙ্গত ডাঃ শ্ৰীনিবাসনে কয়, “...There is a possible danger of the purity and essential uniqueness of the Carnatic system of music being affected by by certain outside influences, and I warn you against the spiritual appeal being smothered by inroods of outside music on popular demand.” ত্ৰিবাঙ্কুৰৰ অধ্যাপক দেৱৰ কৰ্ণাটীকাৰ সঙ্গীত সম্পৰ্কীয় সতৰ্কবাণী, আমাৰ পক্ষেও অতি সময়োপযোগী হৈছে আৰু প্ৰত্যেক স্বদেশহিতকামী মাত্ৰেই মনত ৰখা উচিত।
সম্প্ৰতি আমাৰ নাটঘৰবোৰত অভিনীত হোৱা নাটবোৰৰ সৰহখিনিৰেই গীতবোৰৰ সুৰ-ঠাট আদি মধ্যম বা নৰম শ্ৰেণীৰ