সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৩ )


কামৰূপীয় বা অসমীয়া সঙ্গীত
নিবন্ধনৰ উপায়

 বিষয়টি অতি জটিল আৰু কষ্টসাধ্য হলেও এই সম্পৰ্কে তলত লিখা গোটা দিয়েক ইঙ্গিত এই প্ৰৱন্ধত উনুকিওৱা হল।

 প্ৰথমতে, আমাৰ শিক্ষিতসকলে সঙ্গীতৰ ৰুচি পৰিবৰ্ত্তন কৰিব লাগিব। এই ৰুচি পৰিবৰ্ত্তন কৰিবলৈ হলে আমাৰ সকলোৰে দৃষ্টি গাওঁ-ভূঁইলৈ পেলাব লাগিব আৰু আমাৰ গাৱঁলীয়া ওজা, ঢুলিয়া, গায়ন-বায়ন, নৰ্ত্তক-নৰ্ত্তকীসকলক পাৰ্য্যমানে উৎসাহ, উদগনি আৰু অৰ্থেৰে সহায় কৰিব লাগিব।

 দ্বিতীয়তে, সঙ্গীতত ৰাপ, ৰুচি আৰু কিঞ্চিৎ অধিকাৰ থকা শিক্ষিত ডেক৷ কৰ্ম্মী কিছুমানে অসমৰ গাৱেঁ-ভূঞে, সত্ৰই-সভাই, য’ত যেনেকৈ ভাল গায়ন-বায়ন ওজা-পালি আছে, তেওঁলোকক বিচাৰি উলিয়াই আমাৰ এই আপুৰুগীয়া ৰাগ-উপৰাগ-ৰাগিণী, তাল আৰু নৃত্যৰ আও-ভাও কিছুমান সেই সকল গুণীৰ ওচৰত আয়ত্ব কৰিবগৈ লাগিব।

 তৃতীয়ত, আমাৰ ভিতৰৰ কিছুমান সুৰজ্ঞ গীত ৰচয়িতাই সেইবিলাক বেলেগ বেলেগ নিভাঁজ সুৰৰ, বা সামঞ্জস্য থকাকৈ দুই তিনিটা বা ততোধিক সুৰৰ, সংমিশ্ৰণ কৰি তেনেকুৱা নিভাঁজ বা মিশ্ৰ কামৰূপীয় সুৰৰ ঠাট-লয়