পৰাক্ৰমী সুযোগ্য পুত্ৰৰ দিনত কামৰূপত প্ৰচলিত আছিল তাকো সহজে অনুমান কৰিব পাৰি।
প্ৰাচীন কামৰূপী বৰোসকলৰ আৰু এটি সুললিল সুৰৰ মুখযন্ত্ৰ বাঁহী। বিজুলী বাঁহৰ এমোথনৰ পৰা এহাতলৈ দীঘল এপাবত সাতোটা স্বৰ ৰন্দ্ৰৰে কৰা যন্ত্ৰৰ মুখেৰে বজোৱা ফালৰ অলপ তলতে এটা দীঘলীয়া বিন্ধাৰ সোঁমাজত মৌসিতাৰ মম দি সেই বিন্ধাৰ ওপৰত এটা নাহৰৰ পাত ঢিলাকৈ মেৰাই বান্ধি দিয়া হয়। ইও এটা নিভাঁজ বৰো বাদ্য যন্ত্ৰ আৰু এই কাৰণেই এনেকুৱা বাঁহীক দৰং কামৰূপৰ ফালে কছাৰীবাঁহী বোলে। উশাহ ঘূৰাই বজাব জানিলে নানা ৰূপ মীড় মূৰ্চ্ছনাৰে যেই সেই আৰ্য্য, বৰো বা অন্যান্য সুৰ সুললিত ভাবে এই বাঁহীত বগাব পৰা হয়।
কালিও নিভাঁজ বৰোযন্ত্ৰ। আহোম ৰাজসকলে সু-সভ্য ছুতিয়া ৰাজ্য জয় কৰি বৰ্ত্তমান শদিয়াৰ পৰা প্ৰায় ২৮ মাইল উত্তৰ-পূবে থকা ছুতিয়া ৰজাৰ ৰাজধানীত চন্দনগিৰি পৰ্ব্বতৰ পৰা “ৰণ জিকি হাতী, ঘোৰা, সোণ, ৰূপ, অস্ত্ৰ-শস্ত্ৰ অনেক দ্ৰব্য পালে; সোণৰ হাতী, সোণৰ মেকুৰী, ভোগাজৰা, বেলা, মাইহাঙ্গ, সোণোৱালী তিনিচুকীয়া সিংহাসন, খাট......তলে কেকোৰা দোলা, আৰোৱাণ, হিলৈ, চ’ৰানাও, কালি, ডবা, বৰকাঁহ, মৃদং, ......এইসকল দ্ৰব্য পাই ৰজা ও ডাঙৰীয়াই ব্যৱহাৰলৈ ললে......” বুলি পুৰণি আহোম বুৰঞ্জীত পোৱা যায়। বৰোৰ এই প্ৰাচীন কালিযন্ত্ৰই বৰ্ত্তমান