সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৮ )

লক্ষীমপুৰ, শিৱসাগৰ আৰু নগাওঁ জিলাত প্ৰচলিত। নামনি অসমতো কিছুমান বৰোজাতীয় মানুহৰ মাজত এই বিহু-নৃত্য আছে। এই নৃত্যও যথেষ্ট শিক্ষা আৰু সমাজৰ ভদ্ৰশ্ৰেণীৰ উৎসাহৰ অভাৱত একেবাৰে লাৱণ্যহীন, কোনো কোনো ক্ষেত্ৰত অশ্লীল তাণ্ডৱ নৃত্যত পৰিণত হৈছেগৈ। কিন্তু আমি দেখাৰ ভিতৰত উত্তৰ লক্ষীমপুৰ মহকুমাৰ উত্তৰ অঞ্চলৰ আৰু শোৱণশিৰী নৈৰ উজনী ভাগৰ পাৰত থকা মিৰিসকলৰ বিহু-নৃত্যত সৌন্দৰ্য্য-লাৱণ্য আৰু কমনীয়তা কিছু পৰিমাণে এতিয়াও আছে। সেইবিলাক ঠাইতো লাহে লাহে বিদেশী হাওৱা সোমাই সেই সৰল প্ৰকৃতি-সন্তানসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আমাৰ দেশৰ কিছুমান তথাকথিত শিক্ষিতে সেই বিহুনাচো কোনো কোনো ঠাইত লাজৰ বিষয় আৰু সভ্যতা বিৰোধী বুলি কুপৰামৰ্শ দি ফুৰা দেখা গৈছে। ফলত মিৰিসকলৰ আৰু বৰোসকলৰ সেই সনাতন কালৰ পৰা চলি অহা বিহু-নৃত্যৰ বহুতো অৱনতি ঘটিছে আৰু বহুত ঠাইত সেইবিলাক নৃত্য লোপো পাবলৈ ধৰিছে। এই সম্পৰ্কেও শিক্ষিত অশিক্ষিত নিৰ্ব্বিশেষে অসমীয়া মাত্ৰেই কাণষাৰ কৰিব লগা হল।

 এতিয়া কামৰূপীয় বাদ্য যন্ত্ৰৰ বিষয়ে অলপ উনুকিয়াই কামৰূপীয় সঙ্গীত সম্পৰ্কে আমাৰ কবলগীয়া কথাৰ সামৰণি পেলাম। আমাৰ প্ৰণীত “অসমীয়া সুৰ-পৰিচয়”ত উল্লেখ কৰা