সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৭ )


দেখুৱায়, সেইবিলাক শাস্ত্ৰ-সম্মত নে কি কব নোৱাঁৰো, কিন্তু সেই নৃত্য-মুদ্ৰাবোৰো যে কামৰূপীয়, তথা অসমীয়াৰ, সম্পূৰ্ণৰূপে নিজস্ব তাত অলপো সন্দেহ নাই। হব পাৰে, শাস্ত্ৰসন্মত চৰ্চ্চা-অনুশীলন আৰু ৰজা-প্ৰজাৰ যথেষ্ট উৎসাহ-উদগনিৰ অভাৱত সেইবোৰ নৃত্য আৰু মুদ্ৰা কিছু পৰিমাণে লাৱণ্যহীন হৈছে বা সেইবোৰৰ ওপৰত কেতখিনি কৃত্ৰিমতাৰ জাবৰি পৰিছে। কিন্তু সেইখিনি অঁতাই-গুচাই সেই মনোৰম নৃত্যবোৰ পৰিমাৰ্জিত কৰি লবলৈ সৰহ বা কঠিন পৰিশ্ৰম নালাগিব। দেওধনী বা দেৱধনীৰ নৃত্যতো ওপৰত কৈ অহা কথাখিনি সম্পূৰ্ণৰূপে খাটে। দেওধনীৰ নৃত্য-শিক্ষক সাধাৰণতে ‘শুকনান্নী’ৰ ওজাসকল। কোনো কোনো ঠাইত একো গৰাকী প্ৰবীণা দেওধনীয়েও নতুন দেওধনী শিকাই বুজাই বিধিমতে দেওধনী পাতি নিজে অৱসৰ লয়। আমাৰ লৰা কালত দুই তিনি গৰাকী দৰঙ্গৰ বিখ্যাত দেওধনীৰ নৃত্য দেখিছিলোঁ। তেওঁলোকৰ নৃত্যৰ লয়লাস আৰু সম্পূৰ্ণ কামৰূপীয় নিজস্ব ধাৰা-পদ্ধতি আজি কালিৰ দেওধনী নৃত্যত সম্পূৰ্ণৰূপে দেখা নেযায়। তথাপি অঙ্গসঞ্চালন মূদ্ৰা আদিত এতিয়াও দৰং কামৰূপৰ বহুত দেওধনী পাকৈত। শিক্ষিত আৰু নৃত্যকলা বিদ্যাত ৰাপ থকাসকলে অলপ পৰিশ্ৰম কৰিলেই দেওধনী নৃত্য আকৌ ভাৰতৰ ভিতৰতেই নহয়—পৃথিবীৰ ভিতৰতেই উচ্চতম অঙ্গৰ নৃত্য কৈ তুলিব পৰা হব। বিহু আৰু হুচৰিৰ নাচ উজনী আৰু মধ্য অসমৰ