ৰুচিত পাশ্চাত্য শিক্ষাই আৰু তথাকথিত শিক্ষিত সকলৰ অন্ধ অনুকৰণপ্ৰিয়তাই বিপৰ্য্যয় ঘটাব পৰা নাই, সেই বিলাক ঠাইত কামৰূপীয় অফুৰন্ত সুৰভাণ্ডাৰ এতিয়াও ভৰপূৰ হৈয়েই আছে। কিন্তু অসমীয়া শিক্ষিত আৰু সমাজৰ ওপৰ খাপৰ লোক সকলৰ আত্মবিস্মৃতি আৰু আওহেলাৰ ফলত সেই সুৰভড়ালৰ চাৰিও দাঁতি বিদেশী ছেৰা জাবৰিয়ে ছাটি পেলাইছে আৰু বেৰে ছালে উৰণীয়া বৰ-আহত ৰঘুমলাৰ পুলিয়ে পোখাইছেহি। ভড়ালৰ ভিতৰতো তুঁহ-পতান-ধূলি-এলান্ধুৰ এটা ডাঠ দ’ম পৰিছে। দেশহিতৈষী সুধীবৃন্দই ককাঁলত কাপোৰ বান্ধি “কাৰ্য্যংৱা সাধয়েচ্ছৰীৰং ৱা পাতয়েৎ” কৈ লাগি সেই জাবৰি ৰঘুমলা আদি গুচাবলৈ যত্নবান এতিয়াৰ পৰা নহলে অলপ দিনৰ ভিতৰতে সেই অফুৰন্ত সুৰ-সম্ভাৰো বিস্মৃতি সাগৰৰ তলত চিৰকাললৈ বুৰি যাব।
⸻
কামৰূপীয় তাল আৰু নৃত্য।
“বাগাৰ্থাবিব সংপৃক্তৌ”, কথা আৰু অৰ্থৰ নিচিনা তালৰ লগত নৃত্যৰ অবিচ্ছেদ্য সম্বন্ধ। সেইবাবে আমি একে প্ৰসঙ্গতে কামৰূপীয় তাল আৰু নৃত্যৰ বিষয়ে চমুকৈ আলচ কৰিম। কামৰূপীয় সঙ্গীতৰ নিচিনাই কামৰূপী তালৰ বাদ্য আৰু তাল প্ৰাচীন আৰু উচ্চ অঙ্গৰ, অথচ