আদি টাই জাতীয় ৰজা-প্ৰজাৰ ৰুচিকৰ নোহোৱাটোৱেই স্বাভাবিক। মহাৰাজ গদাধৰ সিংহৰ গুণী পুত্ৰ মহাৰাজ ৰুদ্ৰসিংহৰ দিনত ভাটিদেশৰ পৰা গড়গাওঁ-ৰংপুৰলৈ জনদিয়েক “বঙলুৱা গানৰ” ওস্তাদ আহে। পুৰণী বুৰঞ্জীত সেই শ্ৰেণীৰ “বঙলুৱা ওস্তাদক” “বিলতীয়া গায়ন” বুলি উল্লেখ কৰা আছে। সেই সময়ত অসমদেশৰ নামতে অসমৰ বাহিৰৰ মানুহে ভয় খাইছিল, যাতায়াতৰো বিশেষ সুচলতা নাছিল। এনেস্থলত হিন্দুস্থান বা বঙ্গদেশৰ পৰা যে নামজাদা ওস্তাদহে নেলাগে, দ্বিতীয় বা তৃতীয় শ্ৰেণীৰে কোনোবা সঙ্গীতজ্ঞ এই “ভয়ঙ্কৰ আচান মুলুকলৈ” আহিছিল, এনেটো মনত নধৰে। হব পাৰে ‘তোকো নাই নিওঁতা, মোকো নাই দিওঁতা’ ৰকমৰ কোনো কোনো বঙালী-গায়ক নতুন বঙালী ৰাজগুৰু কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ লগত এই দেশলৈ আহিছিল। তেওঁলোকেই গছ-নোহোৱা দেশত এৰাই বৰগছ হোৱাৰ দৰে “বিলতীয়া গায়ন” নাম লৈ কিছুমান তলৰ খাপৰ বঙলুৱা কীৰ্ত্তন, পাঁচালী, খেমটা আদি ৰংপুৰ-গৰগাওঁ অঞ্চলত প্ৰচলন কৰে। মহাৰাজ শিৱসিংহ, প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহ সৰ্গদেৱৰ দিনতো কিছুমান ‘বঙাল-ওস্তাদ’ বা “বিলতীয়া গায়ন” আহি শিৱসাগৰ জিলাৰ ঠায়ে ঠায়ে খুপি লয়হি। দেৰগাৱঁৰ শিৱদৌলৰ গায়ক-নৰ্ত্তকীসকলেও সেইসকল “বিলতীয়া গায়নৰ” তলখাপৰ বঙলুৱা গীতবোৰ শিকি তাৰেই “ৰজা-প্ৰজাক মুহিবলৈ ধৰে”। সেইবিলাক ওস্তাদৰ নিচিনাই এৰাই
পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/৩০
অৱয়ব