সমললৈ যাওক

পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

হৈ চাৰিওফালে ভাগি যোৱাৰ লগে লগে তেওঁলোকৰ সভ্যতা-সংস্কৃতিৰ চিনবোৰো লাহে লাহে লোপ পালে। উজনী অসমৰ লক্ষীমপুৰ, শিবসাগৰ, নগাওঁ জিলা, দৰং জিলাৰ বৰ্ত্তমানে পতা তেজপুৰ মহকুমা, কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ গুৱালপাৰালৈকে লাহে লাহে আহোমৰ হস্তগত হয়। এইবিলাক অঞ্চল অধিকাৰ কৰি শৃংখলা লগাওঁতে আহোম ৰাজসকলৰ প্ৰায় ৪৫০ বছৰ লাগিছিল অৰ্থাৎ ইং ১২২৯ চনত চুকাফা ৰজাৰ সৌমাৰ আক্ৰমণৰ পৰা ইং ১৬৭৯ চনত মহাৰাজ গদাধৰসিংহ বা চুপাতফা সৰ্গদেৱৰ সিংহাসন আৰোহণলৈকে। সেই সময়ৰ সৰহভাগ কাল পূৰ্ব্বে উল্লেখ কৰা বৰো ৰাজ্যবিলাক বিজয় কৰা, দাতিকাষৰৰ পৰ্বতীয়া জাতিবোৰৰ লগত ৰণ বিগ্ৰহ কৰি সিহতক দমন কৰা আৰু আজৰি বতৰত দেশত আভ্যন্তৰিণ গড়-বুৰুজ-বাট-ঘাট-মন্দিৰ-পুখুৰী আদি কৰি আভ্যন্তৰিণ অৱস্থা সু-শৃংখলিত কৰা, বৈদেশিক ৰাজ নীতি, ঘৰুৱা শাসন নীতিৰ পৰিচালনা কৰা আদি কামতে আহোম শাসকসকলৰ সৰহখিনি সময় গৈছিল। সুকুমাৰ কলা-বিদ্যা অনুশীলনত তেওঁলোকে অতি কম সময়হে পাইছিল। বিশেষতঃ ওপৰত ঊল্লেখ কৰা লক্ষীমপুৰ, শিৱসাগৰ নগাওঁ আদি অঞ্চলতেই যুদ্ধবিগ্ৰহৰ কেন্দ্ৰবিলাক হোৱাত সেইবোৰ ঠাইৰ অধিবাসী সকলেও শান্তিপূৰ্ণ ভাবে সেইবোৰ সুকুমাৰ কলাবিদ্যা অনুশীলনৰ সময়, সুযোগ বা উৎসাহ নাপাইছিল। ফলত নিভাঁজ বৰো সঙ্গীত সেইবিলাক অঞ্চলত লাহে লাহে নাইকিয়া হল,