শিক্ষাৰ্থীসকল অহাৰ কথা পূৰ্ব্বেই উনুকিওৱা হৈছে। তেওঁলোকৰ কিছুমানে প্ৰাচীন কামৰূপৰ অন্যান্য বিদ্যাশিক্ষাৰ লগতে এই কামৰূপীয় গন্ধৰ্ব্ব বেদতো শিক্ষা লভি নিজৰ ২ দেশলৈ এই বিদ্যা লৈ যায়। সেই সময়ৰ বহুদিন পাছত হে আৰ্য্যবৰ্ত্তৰ আৰু দক্ষিণাপথৰ সঙ্গীতবিদসকলে নিজ নিজ ৰুচি, সুবিধা আৰু স্থানীয় প্ৰভাব অনুযায়ী সেই সেই দেশীয় ৰাগ-ৰাগিণীৰ লগতে কামৰূপৰ পৰা নিয়া ৰাগ-ৰাগিণীবিলাককো আৰ্য্য সঙ্গীতৰ শ্ৰেণীভুক্ত আৰু সেই সেই দেশীয় তাল-মান-ঠাট-লয় আদিৰে শৃঙ্খলাবদ্ধ কৰি কিছুমান সঙ্গীত গ্ৰন্থ ৰচনা কৰে। কোৱা বাহুল্য যে সেইবোৰ দেশৰ সঙ্গীত ব্যৱস্থা-বন্ধনৰ ফলত ভালেমান কামৰূপীয়া ৰাগ-ৰাগিণীৰ সম্পূৰ্ণ ৰূপান্তৰ ঘটিছে। কিন্তু কামৰূপত, তথা অসমত, এতিয়াও সেই বিলাক আমাৰ নিজস্ব ৰাগ-ৰাগিণীৰ সৰহখিনিয়েই বিয়াহ, শুকনান্নী, দুৰ্গাবৰী, ‘বাৰেমাহী’ ( যেনে: ৰাম-বাৰেমাহী, সীতা-বাৰেমাহী, শান্তি-বাৰেমাহী) আদি গীতত প্ৰায় মৌলিক অৱস্থাতেই আছে। অৱশ্যে বিজ্ঞান-সন্মত গৱেষণা আৰু চৰ্চ্চাৰ অভাৱত – বিশেষকৈ কামৰূপীয় সঙ্গীত বিষয়ক কোনোৰকমৰ গ্ৰন্থ এ তয়ালৈকে পোহৰলৈ নোলোৱাত কিছুমান সুৰৰ লয়-ঠাট আদিৰ বিকৃতি ঘটিছে। তথাপি প্ৰাচীন আৰ্য্য হিন্দুৰ শ্ৰুতিৰ নিচিনাকৈয়ে উল্লিখিত কামৰূপী সুৰৰ ভালেমান উক্ত বিয়াহ, শুকনান্নী আদি গীতত মুখে মুখে প্ৰায় অবিকৃত অৱস্থাতেই চলি আহিছে।
পৃষ্ঠা:কামৰূপীয় সঙ্গীত.pdf/২০
অৱয়ব